সোণাৰিত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত।

স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি সকলোতে। সোণাৰিতো চৰাইদেউ জিলা প্ৰশাসন সাজু হৈ উঠিছে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে। সোণাৰি ৰাজহুৱা খেলপথাৰত ইতিমধ্যে পেৰেডৰ অনুশীলন চূড়ান্ত হৈছে। চৰাইদেউ আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে সৰ্বত্ৰে।