ৰঙিয়াৰ বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শনিবাৰে চলিত বৰ্ষৰ হাইস্কুল ,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্র -ছাত্ৰী সকলৰ লগতে বিদ্যালয়ৰ মুৰব্বী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যৰে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় ।স্থানীয় ছহিদ ভবণ প্ৰেক্ষাগৃহত সংগঠনটোৰ সভাপতি নিটু ৰাজৱংশীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ উদ্বোধন কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজৱংশীয়ে ।উদ্বোধনী ভাষণ প্ৰসংগত ৰাজৱংশীয়ে কৃতিমান সকলক উদ্দেশ্যী শুভেচ্ছা মূলক ভাষণ ৰাখে ।

অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাসে ভাষণ প্ৰসংগত কৃতি ছাত্ৰ -ছাত্ৰী সকলক প্ৰতিযোগিতাৰ দৌৰত উটি নগৈ প্ৰকৃত মানুহৰূপে গঢ় লোৱাৰ বাবে আহ্বান জনায় ।ভাষণ প্ৰসংগত শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰাথমিক ইংৰাজী ভাষাত শিক্ষা প্ৰদান কৰিবলৈ লোৱা বিষয়টোৰ ওপৰত আলোকপাত কৰি আছুৱে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত প্ৰকাশ কৰে । শিক্ষা লাভৰ ক্ষেত্ৰত মাধ্যম অন্তৰায় নহয় যদিও এয়া জাতীয় ভাষাৰ প্ৰতি পৰিপন্থী পদক্ষেপ বুলি অভিহিত কৰে ।অনুষ্ঠানত কামৰূপ জিলা ছাত্র সন্থাৰ সভাপতি ভবজ্যোতি ডেকা, উপ সভাপতি গোলোক ৰাজৱংশী ,সাংগঠনিক সম্পাদক বিশ্বজিৎ কলিতা ,ৰঙিয়া মহকুমা ছাত্র সন্থাৰ সম্পাদক অৰুণ দাস প্ৰমূখ্যে নেতৃবৃন্দ উপস্থিত থাকি ভাষণ ৰাখে ।অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী ৰূপে স্থানীয় বিদ্যালয়ৰ পৰা কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থী সকলৰ লগতে প্ৰধান শিক্ষক সকলকো গামোচা ,মানপত্ৰ আদিৰে অভিনন্দন জ্ঞাপন কৰা হয় ।