দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জাতীয় পতাকাৰে উজ্বলিছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ৰে'ল আৰু স্থল দ্বৈত পথৰ সুচল যাতায়ত ব্যৱস্থা থকা বগীবিল দলং। ধেমাজি আৰু ডিব্ৰুগড় সংযোগী অসমৰ চতুৰ্থখন দলঙত শোভাবৰ্ধন কৰিছে জাতীয় পতাকাই। ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ প্ৰচেষ্টাত বগীবিল দলঙৰ প্ৰায় ৪.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ পথৰ দুয়োকাষে জাতীয় পতাকাৰে সজাই তোলা হৈছে।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা দলঙখনত প্ৰথমবাৰৰ বাবে এনেধৰনৰ পৰিৱেশ সৃষ্টি কৰা হৈছে। অমৃত মহোৎসৱৰ উপলক্ষে বগীবিল দলঙত এনেদৰে প্ৰথমবাৰলৈ সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।মুঠ এহেজাৰ ত্ৰিৰংগা পতাকাৰে বগীবিল দলঙৰ ওপৰিভাগ সজাই তোলা হৈছে।দেশৰ ভিতৰতে অন্যতম শক্তিশালী দলঙ হিচাপে পৰিচয় লাভ কৰা বগীবিল দলঙৰ শেহতীয়া এই পৰিৱেশে এতিয়া পথযাত্ৰীসকলক যথেষ্ট আৰ্কষন কৰি তুলিছে।আজি সৌন্দৰ্যবৰ্ধনৰ এই কাৰ্যসূচীত বগীবিল অঞ্চলৰ ৰাইজৰ লগতে টাকাম মিচিং পৰিণ কাবাঙৰ সদস্যসকলে সহযোগিতা আগবঢ়ায়।