“ঢকুৱাখনা এক্টিং একাডেমী” নৃত্য গীত নাট্যৰ অপূৰ্ব সমাহাৰ ঘটাই এই একাডেমীয়ে বিগত প্ৰতিষ্ঠাকালীন সময়ৰ পৰাই অনুষ্ঠিত কৰি আহিছে “গ্ৰীষ্মকালীন অভিনয় কৰ্মশালা” । এইবেলিও শিক্ষানুষ্ঠান সমূহৰ গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত অনুষ্ঠিত কৰি অহা এই কৰ্মশালা চলিত বর্ষৰ সোমবাৰৰ পৰা ২০ দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে। ৪ বছৰ বয়সৰ পৰা ৮ বছৰ বয়সৰ প্ৰশিক্ষাৰ্থী সকলক বিয়লি ১ বজাৰ পৰা ৪ বজালৈ প্ৰয়াত অচ্যুত দাস সোঁৱৰণী “অকনিৰ ৰং চৰা ” শীৰ্ষক কৰ্মশালা আৰু ৮ বছৰৰ উৰ্ধৰ প্ৰশিক্ষাৰ্থী সকলক পুৱা ৯ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান সূচী প্ৰস্তুত কৰা হৈছে।ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এক দৃষ্টিনন্দন নাট্য সজ্জাৰ বাঙ্ময় পৰিবেশত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী একাডেমীৰ প্ৰশিক্ষাৰ্থী সকলৰ শীর্ষ সংগীতেৰে মঞ্চ মুকলি কৰা হয়। কৰ্মশালাৰ শুভ উদ্বোধন কৰে বিশিষ্ট নাট্যসাধক ধেমাজিৰ হেমন্ত বৰপাত্ৰ গোঁহাইয়ে। একাডেমীৰ সভাপতি অমিয় কুমাৰ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে প্ৰবীণ কণ্ঠশিল্পী ডঃ বনজিৎ ভট্ট, শিক্ষাবিদ দিগন্ত কাকতি , জিলা সাংস্কৃতিক বিষয়া জিতেন দাস আদি উপস্থিত থাকি এক্টিং একাডেমীৰ এই প্ৰশংসনীয় ধাৰাবাহিক সাংস্কৃতিক যাত্ৰাৰ শলাগ লয় । ইপিনে একাডেমীৰ প্ৰশিক্ষাৰ্থী ক্ৰমে লক্ষ্যজ্যোতি বৰুৱা, ঋষভ দত্ত , ডঃ বনজিৎ ভট্টৰ গীত ,কবিতাৰ অনুষ্ঠানৰ লগতে নৃত্য পৰিচালক বাবা গগৈৰ পৰিচালনাত দুটাকৈ মনোগ্ৰাহী নৃত্যানুষ্ঠানে উপস্থিত দৰ্শক শ্ৰোতাক আপ্লুত কৰে । বিশেষকৈ এই উদ্বোধনী অনুষ্ঠানতেই “এনাজৰী” বঁটা প্ৰাপক ঢকুৱাখনা সদৰ থানাৰ জ্যেষ্ঠ উপ-পৰিদর্শক দীনেশ মেধিৰ লগতে একাডেমীৰ জন্ম লগ্নৰে পৰা জড়িত মুঠ ২৩ গৰাকী প্ৰশিক্ষাৰ্থী তথা মেধাবী শিক্ষাৰ্থীক একাডেমী পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতি প্ৰাপ্ত কণ্ঠশিল্পী দুলেন দত্ত , প্ৰবীণ সংগীত শিল্পী চেতন প্ৰবীৰ সন্দিকৈ, সুনীল দুৱৰা আদিয়ে শ্ৰুতিমধুৰ সংগীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। একাডেমীৰ সম্পাদক গৌৰৱ বৰুৱাই জনোৱা মতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ক্ৰমে অবিনাশ দেশ পাণ্ডে (মুম্বাই) , কমল লোচন , মেঘালী কলিতা , মৌচুমী বৰপাত্ৰ গোঁহাই আৰু মিছ ইণ্ডিয়া নেচনেল ডিভা ইণ্ডিয়া ২০২১ খিতাপ অর্জনকাৰী অলিম্পিয়া ভঁৰালী আদিয়ে আমন্ত্ৰিত প্ৰশিক্ষক হিচাবে আৰু বহু কেইগৰাকী উচ্চ প্ৰশিক্ষিত আৰু অভিজ্ঞ প্ৰশিক্ষকে নিয়মীয়া প্ৰশিক্ষণ প্ৰদান কৰিব।

 

( বাতৰি যুগুতালে অমৃত পৱন বৰাই )