ৰহা আদৰ্শ পতঞ্জলি যোগ সমিতি ৰ উদ্যোগত আজি পূবা ৫বজাত দশম আন্তৰাষ্ট্ৰীয় যোগ  দিৱস উপলক্ষে ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চ ত সমিতিৰ মুখ্য যোগ গুৰু ৰামনিবাস শৰ্মাই সমিতিৰ সদস্য সদস্যা সকলক নিজৰ শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ বিভিন্ন মুদ্ৰাত যোগাসন কৰাই।

         এই উপলক্ষে যোগ সমিতিৰ প্ৰভাৰী কমল চন্দ্ৰ শৰ্মা,যোগ শিক্ষক বিনোৱা ৰাজবংশী, অৰুপ বৈশ্য, সুনিল হাজৰিকা সহ মহিলা পতঞ্জলি যোগ সমিতি ৰ সদস্যা সহ পুৰুষ মহিলা উপস্থিত থাকে।