শিৱসাগৰঃ নাজিৰা নাট্য সমিতিয়ে নিবেদন কৰে নাট্যকাৰ অমৰ শৰ্মাৰ বিশেষ নাট "মায়ংজকা" ৷ নাজিৰা নাট্য সমিতিৰ উদ্যোগত যোৱা ১৫ জুনত নাট্যকাৰ অমৰ শৰ্মাৰ ৰচনা আৰু উদ্দীপ বৰগোহাঁইৰ প্ৰথম পৰিচালনাৰে নাটক "মায়ংজকা" মঞ্চস্থ কৰা হয় ৷ সুদীৰ্ঘ বিৰতিৰ পাছত নাজিৰা নাট্য সমিতিয়ে দৰ্শকক এখনি সৰ্বাংগসুন্দৰ নাটক উপহাৰ দিবলৈ সক্ষম হোৱাৰ লগতে নাটকৰ এক সুস্থিৰ পৰিবেশ গঢ়ি তোলাত অৰিহণা যোগায় ৷ উল্লেখযোগ্য যে, নাট্যকাৰ অমৰ শৰ্মাই "মায়ংজকা" নাটখনৰ জড়িয়তে সমাজত ঘটি থকা সমাজ ব্যৱস্থাই কি দৰে এক শ্ৰেণীক শোষিত আৰু নিস্পেষিত চহা দৰিদ্ৰ মানুহক মহলদাৰ শ্ৰেণী অথবা ঠিকাদাৰে তেওঁৰ হাতৰ মুঠিত ৰাখি কিদৰে পৰিচালনা কৰিব বিচাৰে তাৰেই ওপৰত এক হৃদয়স্পৰ্শী কাহিনীৰ উপস্থাপন কৰিছে ৷ নাটকখনত মহলদাৰ হৰেশ্বৰে ৰাইজৰ মাজত নিজৰ প্ৰভুত্ব বজাই ৰাখিবৰ বাবে গাওঁখনত ঘটি থকা কিছুমান মনে সজা কাহিনীক লৈ এজন ভূৱা বেজক ৰাইজৰ মাজলৈ এৰি দি সহজ সৰল চহা গঞা মানুহ বিলাকৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি কৰি সেই মানুহ বিলাকক তেওঁৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু পিছত সেই ভূৱা মায়ংৰ বেজ জন যে এজন ভ্ৰাম্যমাণ নাট্যদলৰ অভিনেতা সেই কথা ওলাই পৰে ৷ জেষ্ঠ নাট্যকৰ্মী ধীৰেণ ভূঞাৰ সামগ্ৰিক পৰিকল্পনাত মঞ্চস্থ হোৱা মায়ংজকা নাটখনে দৰ্শকৰ মনত এক চিন্তাৰ খুৰাক জন্মাবলৈ সক্ষম হয় ৷ "মায়ংজকা" নাটখনত অভিনয় কৰা প্ৰতিজন অভিনেতা-অভিনেত্ৰীয়ে নিজৰ সৰ্বোচ্চ উজাৰি অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয় ৷ বিশেষকৈ মণিৰামৰ চৰিত্ৰত অভিনয় কৰা সুদক্ষ অভিনেতা, পৰিচালক উজ্জ্বল খনিকৰে সহজ সৰল চহা মানুহৰ চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয়ৰ দক্ষতাৰে প্ৰাণৱন্ত অভিনয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয় ৷ নবীন শিল্পীগৰাকীৰ উচ্চমানৰ অভিনয়ে সকলোৰে হৃদয়ত ৰেখাপাত কৰি যায় ৷ আনহাতে উদীয়মান নাট্যকৰ্মী উদীপ্ত বৰগোহাঁইয়ে অত্যন্ত এখন জটিল নাট আধুনীক কাৰিকৰী কৌশলেৰে সু-সজ্জিত কৰি নাটখনৰ অন্য এক মাত্ৰা প্ৰদান কৰে ৷ বেজৰ চৰিত্ৰত দেৱজিত শৰ্মাৰ অভিনয়ে নাটকখনক এক গতি প্ৰদান কৰে ৷ তেনেদৰে ফটিকৰ চৰিত্ৰত ৰিতুৰাজ সন্দিকৈ, হৰেশ্বৰৰ চৰিত্ৰত অজনাভ বেজবৰুৱাই সুন্দৰ অভিনয় কৰে ৷ মণ্ডলৰ চৰিত্ৰত প্ৰকাশ বৰুৱাই পাৰদৰ্শিতা প্ৰকাশ কৰে ৷ কিছু কাৰিকৰী কৌশলৰ বিজুতি নাটখনত পৰিলক্ষিত হয় যদিও ই কিন্তু নাটখনিৰ গতিৰ ক্ষেত্ৰত বাধা আনিব নোৱাৰিলে ৷ পৰৱৰ্তী সময়ত পৰিচালকে পোহৰ, শব্দ আৰু আৱহ সঙ্গীতৰ দুৰ্বল দিশসমূহৰ ওপৰত চকু দিব বুলি আমি আশা কৰিলোঁ ৷ যিকি নহওক, সুদীৰ্ঘ বিৰতিৰ মূৰত নাজিৰাবাসীয়ে এখন সৰ্বাংগসুন্দৰ নাট উপভোগ কৰি প্ৰতিটো দৃশ্যতে দৰ্শক ৰাইজে অভিনেতা-অভিনেত্ৰীসকলক উৎসাহিত কৰে ৷ এইয়া অপেচাদাৰী নাট্যকৰ্মীসকলৰ বাবে অতি আনন্দৰ বতৰা ৷ আধুনিক চিন্তাৰে সমৃদ্ধ "মায়ংজকা" শীৰ্ষক নাটখনত অভিনয় কৰা কলা-কুশলীসকল ক্ৰমে - উজ্জ্বল খনিকৰ, প্ৰকাশ বৰুৱা, দেৱজিত শৰ্মা, অজনাভ বেজবৰুৱা, ৰিতুৰাজ সন্দিকৈ, আত্ৰেয় শৰ্মা, দেৱজিত গগৈ, কংকনা গগৈ, চন্দ্ৰিকা গগৈ, ডিম্পল দত্ত, অনুৎপল দত্ত আৰু অনাংগ বেজবৰুৱা ৷৷