ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ভাৰত চৰকাৰে উদযাপন কৰা "আজাদী কা অমৃত মহোৎসৱ" তথা "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ লগত সংগতি ৰাখি খোৱাং মহাবিদ্যালয়ৰ এন এছ এছ গোট আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষে এইবছৰৰ স্বাধীনতা দিৱসৰ তিনিদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনা প্ৰভাত ফেৰী আৰু জাতীয় পতাকা বিতৰণ কাৰ্য্য সমাপন কৰে ।

পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ত্ৰৈলোক্য দিহিঙ্গীয়াই উদ্বোধন কৰা প্ৰভাত ফেৰীত অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ লগতে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । প্ৰভাত ফেৰীৰ অন্তত মহাবিদ্যালয়ৰ সহযোগী কাষৰীয়া কাৱৈমাৰী গাঁৱত আয়োজন কৰা এক সভাত ৰাইজৰ মাজত মহাবিদ্যালয়ৰ অধ্যক্ষ ড० ত্ৰৈলোক্য দিহিঙ্গীয়াৰ উপস্থিতিত মুঠ ৫০ ঘৰ মানুহৰ মাজত জাতীয় পতাকা বিতৰণ কাৰ্যসূচী সমাপন কৰা হয় । সভাত অধ্যক্ষ, এন এছ এছ গোটৰ কাৰ্য্যবাহী বিষয়া ড० সচিদানন্দ শইকীয়া, মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰতীম শৰ্মাই নিজ নিজ বক্তব্য ৰাখে ।