সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ মুখপত্ৰ শিক্ষাবাৰ্তা প্ৰকাশৰ প্ৰস্তুতি সন্থাই চলোৱৰ লগতে লেখা আহ্বান কৰিছে।

            মুখপত্ৰ প্ৰকাশনৰ বাবে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক ক্ৰমে কৃষ্ণেন্দু ৰায় আৰু জিতেন চন্দ্ৰ হাজৰিকাক উপদেষ্টা, হিৰন্য কুমাৰ নাথক সভাপতি, পোলেন গগৈক উপ সভাপতি, মৃগাংক বৰাক সম্পাদক,পাপৰি ভট্টাচাৰ্য,নুৰুল আমিনক সহযোগী সম্পাদক, সঞ্জীৱ ভডালী,ড° অসীম কুমাৰ বৈদ্য,চৈতালী দেৱৰয় আৰু ভবেন্দ্ৰ বড়োক সদস্য হিচাপেলৈ এখন সম্পাদনা সমিতি গঠন কৰাৰ লগতে সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই ইতিমধ্যে দায়িত্ব অৰ্পন কৰিছে।

     প্ৰতি দুবছৰে প্ৰকাশ হোবা মুখপত্ৰখনত এইবেলি বিশেষ ভাবে সন্থাৰ অন্তৰ্গত ৩০খন জিলাৰ প্ৰতিখনৰ সংগঠনটোৰ ইতিহাস আৰু শৈক্ষিক কৰ্মৰাজিক লিপিবদ্ধ কৰাৰ লগতে জাতীয় জীৱনৰ ভাষা,সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক দিশৰ সংপৃও লেখা প্ৰকাশৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছে বুলি সম্পাদক মৃগাংক বৰাই জানিব দিয়ে।তদুপৰি বৰাই দেশৰ নতুন শিক্ষানীতি আৰু +২ স্তৰৰ পাঠ্যক্ৰম সম্পৰ্কীয় শিক্ষক শিক্ষাৰ্থীৰ বিষয় শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিবেশ উন্নীতকৰন,শিক্ষক সকলৰ সমস্যা আৰু সমাধান আদি বিষয়সমূহৰ ওপৰত আলোকপাত কৰি স্ব নিৰ্বাচনেৰে সন্থাৰ সদস্য সদস্যা সকলৰ পৰা লেখা আহ্বান কৰিছে।

    অসমীয়া,বাংলা আৰু ইংৰাজী ত্ৰিভাষাত প্ৰকাশ হব লগা মুথপত্ৰ খনৰ বাবে লেখা সমূহ অহা ৩০আগষ্টৰ ভিতৰত ৰামধেনু গীতাঞ্জলি ফ্ৰন্টৰ পেজ মেকাৰ (PMD)ৰ সৈতে PDF ফাইল কৰি boramriganka 17@gmail.com মেইলত অথবা ৯৪৩৫৩৬২৫৩৭ ৱাটছ আপ নম্বৰত পঠাবলৈ সম্পাদক মৃগাংক বৰাই সকলোকে অনুৰোধ জনাইছে।