শিৱসাগৰঃ শিৱসাগৰ জিলাত ভাৰত চৰকাৰৰ পাইলট প্ৰজেক্টৰ অধীনত যক্ষ্মা নিবাৰণৰ বাবে বিচিজি(BCG) ভেকচিন প্ৰদান কাৰ্য্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ উল্লেখযোগ্য যে, শিৱসাগৰ নগৰৰ মাজমজিয়াৰ আদর্শ চৰকাৰী চিকিৎসালয়ৰ চৌহদত অনুষ্ঠিত এই অভিযান শিৱসাগৰ জিলাৰ বাবে আনুষ্ঠানিকভাৱে শুভ আৰম্ভণি কৰে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে ৷ এই অভিযানৰ অধীনত শিৱসাগৰ জিলাখনৰ সৰ্বমুঠ ১,৫২,৮৫৩ গৰাকী প্ৰাপ্তবয়স্ক লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই পাইলট প্ৰজেক্টৰ অভিযান শিৱসাগৰৰ লগতে লখিমপুৰসহ ৰাজ্যৰ দুখন জিলাক সামৰি লোৱা হৈছে বুলি জানিব পৰা গৈছে । প্ৰধানত জন্মৰ পৰা ১ বছৰ বয়সৰ নৱজাতকসকলক যক্ষ্মাৰোগ প্ৰতিৰোধৰ বাবে এই ভেকচিন প্ৰদান কৰা হয় । কিন্তু কিবা কাৰণত এই ভেকচিন লাভ কৰাৰ পৰা বঞ্চিত প্ৰাপ্তবয়স্ক লোকসকল যাতে এই ৰোগৰ কবলত নপৰে তাৰ বাবে এই বিশেষ পাইলট অভিযানৰ আৰম্ভ কৰা হৈছে । আনহাত এই ভেকচিন স্বাস্থ্য বিভাগে সম্পূৰ্ণ নিৰাপদ বুলি দাবী কৰিছে । শিৱসাগৰ জিলাৰ ১৭০২ টা কেন্দ্ৰত ১১ জুনৰ পৰা এই প্ৰতিষেধক প্ৰদান কৰাৰ অভিযান আৰম্ভ হৈছে ৷ প্ৰাপ্তবয়স্ক যিকোনো এজন সুস্থ লোকেই বিনামূলীয়াভাৱে এই বিচিজি ভেকচিন ল'ব পাৰিব । অত্যাধিক ধূম্ৰপান আৰু মদ্যপান কৰা লোকসকলক এই ভেকচিনে যক্ষ্মা ৰোগৰ পৰা প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰিব বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে । জিলা পৰ্যায়ৰ এই উদ্বোধনী অনুষ্ঠানত জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈ, জিলা যক্ষ্মা বিষয়া ডাঃ দ্বিজেন কোঁচ, ৰাজ্যিক প্ৰতিষেধক বিষয়া ডাঃ সবিতা দাস, ৰাজ্যিক শীতলীকৰণ বিষয়া ER. বি. কে. চৌধুৰী, জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকা, জিলা স্বাস্থ্য বিভাগৰ গণ মাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, UNDP ৰ Project Officer মনিষা বুঢ়াগোহাঁই, বিশ্ব স্বাস্থ্য সংস্থাৰ যক্ষ্মা বিভাগৰ প্ৰতিবেদক গৌতম বৰবৰা আদি উপস্থিত থাকে ।