দেশৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথ চাৰিআলি স্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, শোণিতপুৰ'তো আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অনুষ্ঠিত কৰা হয় বিভিন্ন কাৰ্যসূচী। এই উপলক্ষে আজি পুৱা ৯ বজাত প্ৰতিষ্ঠানটোৰ প্ৰবক্তা-কৰ্মচাৰী তথা বি এড আৰু ডি এল এড প্ৰশিক্ষাৰ্থী যৌথ সহযোগত ডায়েট চৌহদৰ পৰা উলিওৱা হয় এক বিশাল শোভাযাত্ৰা।
অধ্যক্ষ সমীৰজ্যোতি বৰাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা এই শোভাযাত্ৰাত জ্যেষ্ঠ প্ৰবক্তা ক্ৰমে চন্দন কুমাৰ ভূঞা, ৰীমা বৰা, প্ৰবক্তা মণিষা বৈশ্য, কবিতা হাজৰিকা, ৰশ্মি ৰেখা ৰাজখোৱা প্ৰমুখ্যে ডেৰশতাধিক প্ৰশিক্ষাৰ্থীয়ে হাতে হাতে দেশৰ ত্ৰিৰংগা পতাকালৈ অংশ গ্ৰহণ কৰে আৰু ভাৰত মাতা কী জয়, বন্দেমাতৰম আদি শ্ল'গানৰে কাৰ্যসূচীভাগ সফল কৰি তোলে। তদুপৰি বিগত কেইদিনত এই উপলক্ষে ডায়েট শোণিতপুৰৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হয় কুইজ, আকস্মিক বক্তৃতা, বিৰ্তক প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা ,অভিনয় তথা নাট প্ৰদৰ্শন আদি বিভিন্ন প্ৰতিযোগিতা।