শিৱসাগৰঃ শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ এক পৰ্যালোচনা সভাখন অনুষ্ঠিত হয় । সভাত জিলা আয়ুক্তগৰাকীয়ে শিশুসকলৰ সামগ্ৰিক বিকাশ আৰু সুৰক্ষা সন্দৰ্ভত জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা কৰি থকা কামৰ বিস্তৃত খতিয়ান লয় আৰু শিশু সুৰক্ষা বিষয়ক আঁচনিসমূহ ফলপ্ৰসূ ৰূপায়ণৰ উদ্দেশ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা শিশু সুৰক্ষা বিষয়াক নিৰ্দেশ দিয়ে । জিলা শিশু কল্যাণ সুৰক্ষা সমিতিৰ পৰ্যালোচনা সভাত উপস্থিত থকা সদস্য তথা বিভাগসমূহ যেনে স্বাস্থ্য, শিক্ষা, শ্ৰম আদি বিভাগক শিশু সুৰক্ষাৰ সামগ্ৰিক উন্নয়নৰ দিশত সেৱা আগবঢ়াবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাৰ অন্তত সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু চাইল্ড হেল্প লাইনৰ সহযোগত "বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস"ৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাক্ষৰ অভিযানত জিলা আয়ুক্ত গৰাকীয়ে স্বাক্ষৰ কৰি মাহজোৰা শিশু শ্ৰমিক বিৰোধী সজাগতা মাহৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিলা শিশু সুৰক্ষা বিষয়া ড° বিকাশ ৰঞ্জন কোঁৱৰে। আজিৰ পৰ্যালোচনা সভাত সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ শ্ৰম বিষয়া, শ্ৰম পৰিদৰ্শক, জিলা আইনসেৱা প্ৰাধিকৰণৰ কৰ্মচাৰীবৃন্দ আৰু বিনামূলীয়া আইনসেৱা অধিবক্তাসকল, মহকুমা স্বাস্থ্য বিষয়া, শিশু কল্যাণ সমিতিৰ বিষয়ববীয়া, স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া, চাইল্ড হেল্প লাইনৰ কৰ্মচাৰী বৃন্দ, জিলা ক্রীড়া বিষয়া, দক্ষতা বিকাশ বিষয়া, জিলা নিয়োগ বিষয়া, জিলা পৰিষদৰ বিষয়া, সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগীয় বিষয়া আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে ৷