বোকাখাতৰ হাতীখুলি যুৱ ক্ৰীড়াসন্থাৰ উদ্যোগত আয়োজিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনিৰ কোৱাৰ্টাৰ ফাইনেল খেলখন আজি শুভ উদ্বোধন কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে কেবিনেট মন্ত্ৰী অতুল বৰাই। এনে প্ৰতিযোগিতাসমূহে ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি কয় আৰু উদ্যোক্তাসকলে লোৱা এই প্ৰয়াসৰ শলাগ জ্ঞাপন কৰে কেবিনেট মন্ত্ৰী বৰাই।