শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্য পূৰ্ণ কাৰ্য্যসূচীৰে এই অভিযানৰ শুভাৰম্ভ কৰা হয়।শিৱসাগৰ জিলা আয়ুক্ত।আদিত্য বিক্ৰম যাদৱ, যুটীয়া স্বাস্থ্যসঞ্চালক ডাঃ সৌৰভ গগৈ,ৰাজ্যিক প্ৰতিষেধক বিষয়া সবিতাদাস, যক্ষ্মাবিভাগৰ সমন্বয়ক গৌতম বৰবৰা আৰু জিলাস্বাস্থ্যবিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এই কাৰ্য্যসূচী সম্পন্ন হয়। ভাৰতবৰ্ষৰ তেৰখন ৰাজ্যৰ ৫৪৭খন জিলাত যক্ষ্মাৰোগ প্ৰতিৰোধী টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে। শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাত প্ৰথমবাৰৰ বাবে পাইলট প্ৰজেক্ট হিচাবে আৰম্ভ কৰা হৈছে যক্ষ্মাৰোগ প্ৰতিৰোধী টিকাকৰণ অভিযানৰ।