দেশ স্বাধীন হোৱা ৭৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমত যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে "গৌৰৱময় যাত্ৰা" শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। গোলাঘাট জিলা কংগ্ৰেছ সমিতিয়েও ব্যাপক ৰূপত উক্ত কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। আজি বোকাখাত বিধানসভা সমষ্টিৰ শ্বহীদ কমলা মিৰিৰ জন্ম গাঁও গুলোংটেমেৰাত গৌৰৱময় যাত্ৰা ৰূপায়ন কৰে। গোলাঘাট জিলা কংগ্ৰেছৰ উদ্যোগত বোকাখাত ব্লক আৰু নগৰ সমিতিৰ সহযোগত গুলোংটেমেৰা
শ্বহীদ কমলামিৰিৰ সমাধিক্ষেত্ৰৰ পৰা
উলিওৱা গৌৰৱময় যাত্ৰাত অংশগ্ৰহণ কৰে কলীয়াবৰৰ সাংসদ গৌৰৱ গগৈ। শ্বহীদ কমলা মিৰি প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শতাধিক কংগ্ৰেছৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা পদযাত্ৰাত ভাগ লৈ ৰাষ্ট্ৰীয় পতাকাৰ বিকৃতকৰণৰ সন্দৰ্ভত মন্তব্য দি চৰকাৰৰ পৰিকল্পনাৰ অভাৱৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে সাংসদ গগৈয়ে। ইপিনে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টাইয়ে বিজেপিৰ চৰকাৰখনে "আজাদী কা অমৃত মহোৎসৱ" পালনৰ নামত দেশৰ স্বাভিমান আৰু গৌৰৱ ৰাষ্ট্ৰীয় পতাকাখনক লৈ ৰাজনীতি আৰু ব্যৱসায় কৰিছে বুলি কয়। আজিৰ এই গৌৰৱময় যাত্ৰা গোলাঘাট জিলা, বোকাখাত ব্লক, বোকাখাত নগৰ সমিতিৰ বিষয়ববীয়াৰ ওপৰি স্থানীয় কংগ্ৰেছ কর্মীসকল উপস্থিত থাকে।