পতঞ্জলি যোগপীঠ হৰিদ্বাৰ ৰ তত্বাৱধান তথা ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰৰ দ্বাৰা পৰিচালিত ৰহা দীঘলীআটি বিনামূলীয়া যোগ শিবিৰৰে আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উল্লেখ মালহেৰে পালন কৰে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পূবা ৫বজাত প্ৰত্যেক দিনাৰ দৰে আজিও ৰহা দীঘলীআটি স্থিত ৰাজহুৱা মঞ্চত ৰহা পতঞ্জলি যোগ শিবিৰৰ যোগ গুৰু ৰামনিবাস শৰ্মাৰ দ্বাৰা যোগাভ্যাস কৰাৰ পাছত বৰগীত পৰিবেশনেৰে শুভাৰম্ভ প্ৰতিষ্ঠা দিৱসত শিশু সকলৰ লগতে জ্যেষ্ঠ ব্যক্তি সকলৰ দ্বাৰা বিভিন্ন যোগ প্ৰদৰ্শন কৰাৰ লগতে দীঘলীআটি যোগ শিবিৰৰ তথা সাহিত্যিক পেঞ্চনাৰ ৮৬ বছৰত ভৰি দিয়া মনোৰমা ভুঞাই সম্বোধন কৰি কয় যে যোগ প্ৰনায়াম কৰি নিজক শাৰীৰিক, মানসিক ভাবে সুস্থ সবল ৰাখিব পাৰে।
শান্তি পাঠেৰে সম্পন্ন প্ৰতিষ্ঠা দিৱস কাৰ্য্যসূচী ত ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰৰ ভাৰপ্ৰাপ্ত প্ৰভাৰি কমল চন্দ্ৰ শৰ্মা,যোগ শিক্ষক বিনোবা ৰাজবংশী,সুনিল হাজৰিকা, সঞ্জয় কুমাৰ কাকতি, অৰুপ বৈশ্য,যুব ভাৰত প্ৰভাৰী অসীম হাজৰিকা,ৰহা পতঞ্জলি মহিলা যোগ শিবিৰৰ প্ৰভাৰী স্বৰ্নলতা ভুঞা, দীঘলীআটি বিনামূলীয়া যোগ শিবিৰৰ যোগ শিক্ষয়ত্ৰী প্ৰভামনি ভুঞা, দ্বিপ্তী সেনাপতি সহ ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰৰ অন্তৰ্গত ৰহা,চাপৰমুখ,বাৰহপূজীয়া, খাইগড সহ ৰহাৰ বিভিন্ন শাখা যোগ শিবিৰৰ প্ৰতিনিধি,যোগ শিক্ষক, শিক্ষয়ত্ৰী আৰু সদস্য, সদস্যা উপস্থিত থাকে।