শিৱসাগৰঃ এক প্ৰতিনিধিমূলক সাধাৰণ সভাৰ জৰিয়তে ২৪ মে’, শুক্ৰবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিখন গঠন কৰা হয় ৷ অসমৰ অসমীয়া জাতি আৰু সমগ্ৰ অসমৰ অনুসূচিত জাতিটোৰ বৃহত্তৰ স্বাৰ্থত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাত শিৱসাগৰৰেই প্ৰায় দুই শতাধিক যুৱক যুৱতী সংযোজিত হ'ল । এয়া অনুসূচিত জাতিটোৰ বাবে অন্য এক শুভ লক্ষণ বুলি অভিহিত কৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে । শিৱসাগৰ জিলাৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ আলোচনা কক্ষত শুক্ৰবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰতিনিধিমূলক সাধাৰণ সভা অনুস্থিত হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি থানেশ্বৰ দাসে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে পৰশ জ্যোতি দাসে । কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক ক্ষীৰোদ দাস, বিত্ত সম্পাদক ৰাজীৱ দাস, সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বড়া, মুকট দাসকে আদি কৰি বহু কেইজন কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকে । ইয়াৰোপৰি শুভেচ্ছামূলক বাৰ্তা দিবৰ বাবে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, অনুসূচিত জাতি পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক ভাস্কৰ জ্যোতি দাস উপস্থিত থাকে । শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাতে সৌৰভ জ্যোতি দাসক সভাপতি, ৰাজেশ দাস আৰু বিপ্লৱ জ্যোতি বড়াক উপ: সভাপতি, অভিজিৎ দাস সাধাৰণ সম্পাদক, বেদান্ত দাস আৰু দিব্য জ্যোতি দাসক সহ: সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে ৪১ জনীয়া সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা গঠন কৰে। অনুসূচিত জাতি ছাত্ৰ সন্থাক ৰাজনীতি কবলৰ পৰা মুক্ত কৰিবলৈ লোৱা এইটোৱই প্ৰথম পদক্ষেপ বুলি স্পষ্ট কৰে সন্থাৰ সভাপতি থানেশ্বৰ দাসে । উক্ত সভাতেই কোনো শাসক গোষ্ঠীয়ে আজি পৰ্য্যন্ত অনুসূচিত জাতিটোৰ বৃহত্তৰ স্বাৰ্থত কোনোধৰণৰ যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰিলে বুলি অভিহিত কৰে সন্থাই । এনেদৰে অনুসূচিত জাতিটোৰ বিভিন্ন শোষণ বঞ্চনা প্ৰতাৰণা আৰু উপেক্ষাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি অভিহিত কৰে সন্থাই ৷ সন্থাক কলিমা সানিবলৈ চেষ্টা কৰা সকলক কঠোৰ সকীয়নি প্ৰদান কৰি সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে কয় যে, অনুসূচিত জাতি ছাত্ৰ সন্থা কাৰো পৈত্তিক সম্পত্তি নহয়। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সংবিধানখনক অৱমাননা কৰাৰ অধিকাৰ কাকো দিয়া হোৱা নাই। ইয়াৰোপৰি শাসনাধিষ্ঠ চৰকাৰে সন্থাটোক নিশেষ কৰিবলৈ কৰা ষড়যন্ত্ৰ সন্থাৰ বিৰুদ্ধে কৰা এটি সামান্য অপচেষ্টাহে বুলি অভিহিত কৰে সভাই। সন্থাৰ নৱগঠিত শিৱসাগৰ জিলা সমিতিয়ে পদযাত্ৰা কৰি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখ ভাগত অৱস্থিত আম্বেদকাৰ দেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি সভাৰ কাৰ্য্যসূচী সামৰণি পেলায় ৷ কেন্দ্ৰীয় সমিতিৰ প্ৰতিজন বিষয়ববীয়াই নৱগঠিত শিৱসাগৰ জিলা সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে॥

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं