শিৱসাগৰঃ ভাৰতীয় ফুটবল দলৰ শিৱিৰত অন্তৰ্ভুক্ত হৈছে নাজিৰাৰ পাৰ্থিব গগৈ ৷ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা সমষ্টিৰ গড়গাঁৱৰ পৱন গগৈ আৰু শোভা লাহন গগৈৰ দ্বিতীয় পুত্ৰ পাৰ্থিব গগৈ ফিফা ৱৰ্ল্ড কাপ কোৱালিফায়াৰ্চৰ বাবে ভাৰতীয় ফুটবল দলৰ সম্ভাব্য তালিকাত নাম সন্নিবিষ্ট হৈ বৰ্তমান মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ তত্বাৱধানত প্ৰশিক্ষণ শিৱিৰত ব্যস্ত ৷ অসম তথা শিৱসাগৰ জিলাৰ ফুটবলৰ বাবে ই এক ইতিবাচক দিশ ৷ উল্লেখযোগ্য যে, সৰুৰে পৰা মাক-দেউতাকৰ পৰা সঁহাৰি পোৱা পাৰ্থিবে গড়গাঁও ফুটবল প্ৰশিক্ষণ শিবিৰৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰে । বেংগালোৰত ১৪ বছৰ টুৰ্ণামেণ্টত কৰা সুন্দৰ প্ৰদৰ্শণৰ বাবে বেংগালোৰৰ ঔজন একাডেমীয়ে পাৰ্থিবক গ্ৰহণ কৰে ৷ তিনি বছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁ কৰ’না মহামাৰীৰ বাবে অসমলৈ ঘূৰি আহে । জুনিয়ৰ আই-লীগ খেলাৰ আগতে ভাৰতীয় স্কুল দলৰ হৈ জাৰ্মানীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু লগতে জাৰ্মানীৰ বিখ্যাত ব্ৰায়ান মিউনিখ ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰে । ১৫ বছৰ অনুৰ্দ্ধৰ আই-লীগত পাৰ্থিব সৰ্বাধিক গলদাতা আছিল ৷ ২০২২-২৩ বৰ্ষত ২০ বছৰ অনুৰ্দ্ধৰ ভাৰতীয় দলত ৮ বাৰ আৰু ২৩ বছৰ অনুৰ্দ্ধৰ ভাৰতীয় দলত ২ বাৰ অংশগ্ৰহণ কৰিছিল । বৰ্তমান নৰ্থ ইষ্ট ইউনাইটেডৰ নিয়মীয়া খেলুৱৈ আৰু ২০২৫-২৬ পৰ্য্যন্ত চুক্তি হৈ আছে । শিক্ষাৰ লগতে খেলত সমানে পাৰদৰ্শিতা দেখুওৱা পাৰ্থিবক সৰুৰে পৰা শিক্ষাৰ সৈতে জড়িত পৰ্য্যন্ত মাক-দেউতাকে খেলত আগবাঢ়ি যাবলৈ সদায়েই অনুপ্ৰাণিত কৰি আহিছিল । পাৰ্থিবৰ ককায়েক প্ৰজ্ঞান গগৈয়ো এগৰাকী পেছাদাৰী ফুটবলাৰ । সম্পূৰ্ণ এটি ফুটবল পৰিয়ালকলৈ আমি গৌৰৱাম্বিত । পাৰ্থিবৰ পৰিয়ালৰ দৰে পাথেয় হওক অনাগত সময়ত বহু ক্ৰীড়াপ্ৰেমী ৷৷