দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উদ্যাপন কৰা আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে অৰুনাচল প্ৰদেশৰ দুইমুখত অৱস্থিত ১২ নং NDRF ৰ উদ্যোগত আজি প্ৰদৰ্শন কৰা হয় চাইকেল আৰু বাইক ৰেলী। NDRF ৰ ৭৫ গৰাকী জোৱানে দুইমুখৰ মুৰ্খ্য কাৰ্যালয়ৰ পৰা নাৰায়ণপুৰ হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে হোলোংগীলৈকে ৭৫ কিলোমিটাৰ পথ চাইকেল আৰু মটৰ চাইকেলেৰে ৰেলী কৰে৷
ৰাষ্ট্ৰীয় পতাকা লৈ কৰা এই ৰেলীৰ জৰিয়তে ঠায়ে ঠায়ে জনসাধাৰণৰ মাজত জাতীয় পতাকা বিতৰণ কৰে। ইয়াৰোপৰি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বিভিন্ন দেশপ্ৰেমমূলক কাৰ্যসুচী পালন কৰি স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ প্ৰেৰণা দিয়ে৷