ঢকুৱাখনাত পৃথিয়াল নৱজ্যোতি সাংস্কৃতিক মিলন সংঘৰ উদ্যোগত ২৪ সংখ্যক ব’হাগী উৎসৱ আৰু অভিনন্দন অনুষ্ঠান সফল সামৰণি
চেনেহৰ বান্ধোনেৰে বান্ধ খাই ঐক্য,সম্প্ৰতি আৰু মিলাপ্ৰীতিৰে পৃথিয়াল সাংস্কৃতিক মিলন সংঘৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবছৰো পৃথিয়াল ৰংগমঞ্চত ২৪ সংখ্যক ব’হাগী উৎসৱ আৰু কৃতী ছাত্ৰছাত্ৰী সকলকলৈ বিশেষ অভিনন্দন অনুষ্ঠান দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা অৰ্থাৎ ১৪ মে’ৰ পুৱাৰ ভাগত সামূহিক চাফাই কৰাৰ পাছতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মানস প্ৰতিম বড়া,স্মৃতি তৰ্পণ কৰে সম্পাদক সুনীল( ধন ) দাসে৷ইয়াৰ পিছতে পুৱা ১০:০০ বজাত ক্ৰীড়া প্ৰতিযোগিতাখনি উদ্বোধন কৰে খেলুৱৈ ও শিক্ষক গোবিন্দ বড়াই৷পুৱা ১০:৩০ বজাত চকী খেল প্ৰতিযোগিতাখনি পৰিচালনা কৰে বিদুল হাজৰিকাই,পুৱা ১১:৩০ বজাত টেকেলীভঙা প্ৰতিযোগিতাখনি পৰিচালনা কৰে জ্ঞানজ্যোতি দাসেই,দুপৰীয়া ভাগত চিত্ৰাংকন প্ৰতিযোগিতাখনি পৰিচালনা কৰে নৱজিৎ হাজৰিকাই,বিয়লি ভাগত মঞ্চ মুকলি কৰে অনাঁতাৰ শিল্পী কমল দাসে, ইয়াৰ পিছতে কবিতা আবৃত্তি প্ৰতিযোগিতাখনি উদ্বোধন কৰে শিক্ষক শৰৎচন্দ্ৰ দাসে আৰু অনুষ্ঠানটি আতঁধৰে ভূপেন হাজৰিকাই৷বিহু গীতৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰে শিক্ষয়িত্ৰী বন্তি হাজৰিকাই, সৰু বিহুৱতী প্ৰতিযোগিতাখনি উদ্বোধিকা হিচাপে অংশগ্ৰহণ কৰে পৰ্যবেশিকা, সমাজ কল্যাণ বিভাগৰ মিনু দাস বড়াই৷
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি অৰ্থাৎ ১৫ মে’ৰ পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ কৰাৰ পিছতে বৃক্ষ ৰোপন কাৰ্যসূচীত দণ্ডী হাজৰিকা, ধৰ্মকান্ত হাজৰিকা, ঠগীৰাম দাস,বকুল হাজৰিকা চাৰিগৰাকী ব্যক্তিয়ে ৰোপন কৰে৷পুৱা ৮:৩০ ভেশচন প্ৰতিযোগিতাখনি পৰিচালনা কৰে নন্দেশ্বৰ দাসে,পুৱা ১০:০০ বজাত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ তথা উদ্বোধন কৰিব জনপ্ৰিয় অভিনেতা নিলিম দত্তই,দুপৰীয়া ১২:০০ বজাত টকাবিহু প্ৰতিযোগিতাখনি উদ্বোধন কৰে জ্যেষ্ঠ বিহুৱতী ও শিক্ষয়িত্ৰী ইন্দিৰা গগৈয়ে,বিয়লি ৪:০০ বজাত গিৰিশ চন্দ্ৰ হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভা ও অভিনন্দন সভাখন উদ্বোধন কৰে সহকাৰী অধ্যাপক থানেশ্বৰ বড়াই, মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৌৰপতি ৰাজীৱ দাস, সন্মানীয় অতিথি হিচাপে শিক্ষক ৰূপম দাস, বিশিষ্ট অতিথি হিচাপে সহকাৰী অধ্যাপক দুল্লভ বড়া, নিৰ্দিষ্ট বক্তা হিচাপে সহকাৰী অধ্যাপক টবেন্দ্ৰ দাস,আমন্ত্ৰিত অতিথি হিচাপে শিক্ষক গোবিন্দ বড়া লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ২৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ২৩ গৰাকীক অভিনন্দন পত্ৰ প্ৰদান কৰে৷ সন্ধিয়া ভাগত বন্তি প্ৰজ্বলন কৰে চাৰিগৰাকী গাঁওপ্ৰধানৰ নেতৃত্বত ক্ৰমে ৰামেশ্বৰ দাস,লীলাৰাম বড়া, দিননাথ বড়া, বনমালি হাজৰিকা,ইয়াৰ পিছতে আধুনিক নৃত্য প্ৰতিযোগিতাখনি উদ্বোধন কৰে মিচিং বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা ফিৰোজ পেগুৱে আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বসন্ত শইকীয়াই. মুখ্য আকৰ্ষণ শিল্পী হিচাপে গীতৰ শৰাই আগবঢ়াই পাপু চন্দনৰ লগতে স্থানীয় কেইবাগৰাকী শিল্পী বৃন্দই৷