শিৱসাগৰঃ শিৱসাগৰ জিলা উন্নয়ন সমিতিৰ বৈঠকখন আজি অনুষ্ঠিত হৈ যায় ৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ সভপতিত্বত আৰু জিলা উন্নয়ন আয়ুক্তই আঁত ধৰা উন্নয়ন সমিতিৰ সভাখনত জিলা আয়ুক্তই কৃষি বিষয়াক আগন্তক ৰবি শস্যৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে অৱগত কৰে । জিলা আযুক্তই বাৰিষা কালত হ’বলগীয়া বানপানীয়ে যাতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে সকলো সময়তে সাৱধানতা অৱলম্বন কৰিবলৈ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে লগতে জিলাখনত ৰূপায়ণ হৈ থকা পথ আৰু দলংসমূহৰ নিৰ্মাণৰ কাম সঠিকভাৱে সম্পন্ন কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় । সভাত উপস্থিত থকা বিভিন্ন বিভাগৰ মুৰব্বী-বিষয়াসকলক নিজ বিভাগত ৰূপায়ণ হৈ থকা আঁচনিসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় । সভাত জিলা আয়ুক্তৰ লগতে জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক সহ বিভিন্ন বিভাগৰ মুৰব্বী-বিষয়া আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ৷।