আগন্তুক ৭৫ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষ্যে কামৰূপ জিলাৰ সকলো শিক্ষানুস্থানৰ লগতে কামৰূপ জিলাৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৮৮ নং কঞাঁ প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱা ৮ বজাত প্ৰায় এক কিলোমিটাৰ পদযাত্ৰা উলিয়াই দেশপ্ৰেমমূলক বন্দনাৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে।
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চায়দা বেগমৰ তত্বাৱধানত বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী প্ৰভাত ফেৰী অনুষ্ঠান সুকলমে সম্পন্ন কৰে । আৰু অঞ্চলটোত "হৰ ঘৰ ত্ৰিৰংগাৰ" এক সজাগতা আনিবলৈ চেষ্টা কৰা হয় ।
 
  
  
  
   
  