আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ হৰ ঘৰ তিৰংগা যাত্ৰা ১২/০৮/২০২২ তাৰিখে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ দ্বাৰা আৰু গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়াৰ সহযোগত আৰম্ভণি কৰা হয়।

গহপুৰ সমষ্টিৰ অন্তৰ্গত মুক্তি যোদ্ধা সকলৰ পৰিয়ালৰ ঘৰৰ লগতে শৈক্ষিক জগতৰ লগত জড়িত ব্যক্তি সকলৰ ঘৰত উপস্থিত হৈ সাক্ষাৎ কৰা লগতে ত্ৰিৰংগা উপহাৰ দিয়া হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়া, গহপুৰ সমষ্টিৰ JSF ৰ অধ্যক্ষা শ্ৰীমতী জুলী হাজৰিকা, কলাবাৰী মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত কীৰ্ত্তি বৰুৱা ডাঙৰীয়া আৰু দলীয় সতীৰ্থ বৃন্দ।