স্বাধীনতাৰ ৭৫ বছৰ পুৰ্তি তথা আজাদী কা অমৃত মহোৎসৱ' ৰ অংশ হিচাপে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসুচী সফল ৰূপায়ন কৰাৰ উদ্দেশ্যে এতিয়া ৰাজ্যৰ চাৰিওফালে সজাগতা অনুষ্ঠান দেখা পোৱা গৈছে৷ ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ প্ৰতি ঘৰতে ত্ৰিৰংগা পতাকা উৰুৱাবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ চৰকাৰী বে চৰকাৰী সকলো অনুষ্ঠান প্ৰতিষ্ঠানে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমান্তৰাল ভাবে বিশ্বনাথতো বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে অথবা চৰকাৰী বিভাগে সজগতা ৰেলী অনুষ্ঠিত কৰিছে।আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি বিশ্বনাথৰ লিটল ষ্টাৰ স্কুল কতৃপক্ষই উলিয়ালে বিশ্বনাথৰ ৰাজপথত এক বৰ্ণিল শোভাযাত্ৰা।বিশ্বনাথৰ আকাশে বতাহে মুখৰিত হল ভাৰত মাতা কি জয় ধ্বনিৰে।এই বৰ্ণিল শুভাযাত্ৰাত দেখা পোৱা গল ছাত্ৰ ছাত্ৰী সকলে মহাত্মা গান্ধী,মূলাগাভৰু তথা দেশৰ মহান ব্যক্তি সকলৰ ভাও লৈ ছাত্ৰ ছাত্ৰী এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰিলে।বিদ্যালয়ৰ পৰা আৰম্ভ কৰা এই শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে অধ্যক্ষা লিলি গোঁহায়,বিদ্যালয়ৰ আন শিক্ষক শিক্ষয়ত্ৰী লগতে বিদ্যালয় পৰিচালনা সমিতিত বিষয়ববীয়া সকলেও অংশ গ্ৰহণ কৰি সকলো জনসাধাৰণকে আজিৰ পৰা সকলোৱে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰাৰ বাবে আহবান জনাই এই সজাগতা শোভাযাত্ৰাৰ জৰিয়তে।