ভাৰতবৰ্ষক ভালপোৱা সকলো লোককে ১৫ আগষ্টত জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । মৰাণত সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে ভাৰতবৰ্ষত পাকিস্তানৰ গুণ গোৱা মানুহো আছে।

আলফা স্বাধীনৰ নাম উল্লেখ নকৰাকৈ মন্ত্ৰীজনে কয় যে কোনো কোনো সংগঠনে ১৫ আগষ্ট ২৬ জানুৱাৰী পালন কৰিব নালাগে বুলি কয় । এই বিলাক সংগঠনৰ তেওঁলোকৰ ইচ্ছা কথা । কোনোবাই স্বাধীন ভাৰতৰ কথা কয় । বহুতৰ দাবী থাকে । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত বিভিন্ন কাৰ্যসূচী হাতত ল'ব লাগিব বুলি কৈছে । উল্লেখযোগ্য যে আজাদি কা অমৃত মহোৎসৱৰ উপলক্ষে আজি মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মৰাণ সমষ্টি ৭৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু চেক বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।

ইয়াৰে শিক্ষক আৰু সামাজিক ক্ষেত্ৰতলৈ আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা আৰু ৫০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁ‌জিৰ চেক বিতৰণ কৰা হয় । অনুষ্ঠানটোত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিধায়ক চক্ৰধৰ গগৈসহ বহু কেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকি বক্তব্য আগবঢ়াই