সোণাৰি নগৰত প্ৰভাত ফেৰী কাৰ্যসূচী।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশজুৰি উদযাপন কৰা হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ। অন্যান্য ঠাইৰ লগতে সোণাৰিতো প্ৰতিদিনে অব্যাহত আছে বিভিন্ন কাৰ্যসূচী। আজি পুৱাৰ ভাগত সোণাৰি নগৰত প্ৰভাত ফেৰীৰ জৰিয়তে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতা সৃষ্টি কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত সোণাৰি নগৰত বাহিৰ কৰা এই প্ৰভাত ফেৰীত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰা লগতে দেশপ্ৰেমমূলক গীত পৰিৱেশনেৰে এক সুন্দৰ পৰিবেশ সৃষ্টি হয় সোণাৰিত।