বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে গোগামুখতো স্বেচ্ছাসেৱী সংগঠন পৰিবৰ্তন' ৰ উদ্যোগত এন চি ডি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে  'আন্তঃৰাষ্ট্ৰীয় বিশ্ব যুৱ দিৱস' পালন কৰা হয়। যুৱ সজাগতা আৰু দায়িত্ববোধ লক্ষ্যৰে যুৱ দিৱস উদযাপন কৰা অনুষ্ঠানটিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰলিনা বিশ্ববিদ্যালয়ৰ গৱেষক পৰাগজ্যোতি শইকীয়া, শ্বিলঙৰ বিশিষ্ট সাংবাদিক সনাথ চক্ৰৱৰ্তী, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ পঞ্জীয়ক ডা: অজয় পিটাৰ তপ্ন,সমল ব্যক্তি প্ৰণতি দেৱী শৰ্মা আৰু নৰ্থ ইষ্ট য়ুথ ফাউণ্ডেশ্যনৰ নেতা  ৰঞ্জন বৰুৱাই উপস্থিত থাকি আলোচনা আগবঢ়াই। 

  উল্লেখ্য, এই অনুষ্ঠানতে প্ৰয়াত যুৱ সাংবাদিক আৰু পৰিৱেশ কৰ্মী অনিৰ্বাণ বৰগোহাঁইৰ সোৱৰণীত Anirban Youth Achievement Award 2022 নামেৰে প্ৰথম বাৰৰ বাবে যুৱ পৰিৱেশ কৰ্মী  মানস প্ৰতীম দত্তক প্ৰদান কৰে।