ৰহাৰ দিঘলদৰী বেবেজীয়া নামঘৰত আজি সম্পন্ন হোবা সমূহীয়া বিবাহত ১০যোৰা দৰা কইনাক সামাজিক স্বীকৃতি প্ৰদান কৰাৰ লগতে ২৭গৰাকী যুবকৰ উপনয়ন কাৰ্য্য সমাপন কৰা হয়।

       অঞ্চলৰ ৰাইজ আৰু আয়োদ্ধ এনজিঅ ৰ সহযোগত আজি ৰহা দিঘলদৰী বেবেজীয়া নামঘৰত অনুষ্ঠিত হোবা সমূহীয়া বিবাহত পূৰ্বে গন্ধৰ্ব বিবাহৰ জৰিয়তে সংসাৰৰ পাতনি মেলিছিল কিন্তু আৰ্থিক দুৰ্বলতাৰ বাবে ব্যক্তিগত ভাবে সামাজিক নীতি নিয়মেৰে বিবাহ কাৰ্য্য সম্পন্ন কৰিব নোবাৰি সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত হৈ থকা ১০যোৰা দৰা কইনাক একত্ৰিত কৰি পুৰোহিত ৰ মন্ত্ৰচাৰনেৰে হোমৰ অগ্নি ক সাক্ষী কৰি বিবাহ কাৰ্য্য সম্পন্ন কৰি সমাজিক স্বীকৃতি প্ৰদান কৰাৰ লগতে ২৭গৰাকী যুবকৰ উপনয়ন কাৰ্য্য সমাপন কৰা হয়।

    এই উপলক্ষে পূবাৰে পৰা উখল্ল মাখল পৰিবেশৰ সৃষ্টি হোবাৰ লগতে পুৰুষ মহিলা ৰ গীত নৃত্য, বিয়া নাম, আয়তিৰ উৰুলি,বেণ্ড পাৰ্টিৰ লহৰে সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।