ফাটবিহু অগ্ৰগতিৰ সম্পৰ্কে সংবাদমেল ফাটবিহু সমিতি

সকলো বিহুপ্ৰেমী ৰাইজক জাতীয় সাজপাৰ পৰিধান কৰিবলৈ আহ্বান।

ঐতিহ্যমণ্ডিত ফাটবিহু উদযাপনৰ অগ্ৰগতিৰ সম্পৰ্কে আজি ফাটবিহুস্থলীত এখনি সংবাদমেল অনুষ্ঠিত কৰে ফাটবিহু সমিতিয়ে।

কেইবাশতিকা ধৰি পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা ফাটবিহু এইবাৰ ১০,১১ আৰু ১২ মে'ৰ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত সমাহাৰ হ'ব জাতি জনজাতিৰ মিলনৰস্থলী ফাটবিহু তলী।

১০ খন উপসমিতি গঠনৰে ফাটবিহু উদযাপনৰ বাবে এইবাৰ বাজেট হৈছে ৩৫ লাখ টকা।

ফাটবিহুত এইবাৰ অংশগ্ৰহণ কৰিব কেইবাগৰাকী কৃষ্টি সংস্কৃতিৰ সাধক, সাহিত্য সংস্কৃতিৰ আৰু ৰাজনৈতিক ব্যক্তি।

তিনিওটা দিনতে সকলো বিহুপ্ৰেমী ৰাইজক জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছে ফাটবিহু সমিতিয়ে।