শিৱসাগৰঃ শিৱসাগৰত নিদৰ্শন দাঙি ধৰিছে প্ৰাক্তন ছাত্ৰ মঞ্চ "সতীৰ্থ-৯৭" য়ে ৷ সতীৰ্থ-৯৭ এ গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । শিৱসাগৰৰ মেধাৱী ছাত্ৰ অংশুমান গগৈলৈ প্ৰয়াত পদ্মকান্ত বৰা সোঁৱৰণী বিশেষ জলপানি প্ৰদান কৰিছে মঞ্চই ৷ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মঞ্চ "সতীৰ্থ-৯৭"ৰ এই প্ৰশংসনীয় কাৰ্য্য । উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰা শিৱসাগৰৰ অংশুমান গগৈক ৪ মে’, শনিবাৰে তেওঁৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত পদ্মকান্ত বৰা সোঁৱৰণী বিশেষ জলপানি প্ৰদান কৰে সতীৰ্থ-৯৭ য়ে। সতীৰ্থ-৯৭ ৰ সদস্য তথা আমেৰিকাৰ নিবাসী অভিজিৎ বৰাই তেঁওৰ পিতৃৰ স্মৃতিত প্ৰয়াত পদ্মকান্ত বৰা সোঁৱৰণী বিশেষ জলপানি প্ৰদান কৰে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ভিতৰত সৰ্বাধিক ৯০ শতাংশ নম্বৰ লাভ কৰি সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা অংশুমান গগৈক ৷ লগতে অংশুমান গগৈয়ে ঐচ্ছিক গণিত বিষয়তো ১০০ নম্বৰ লাভ কৰে। মেধাৱী ছাত্ৰ অংশুমানৰ এই সাফল্যত তেওঁক উৎসাহিত কৰিবলৈ প্ৰাক্তন ছাত্ৰ মঞ্চৰ সতীৰ্থ-৯৭ ৰ এটি প্ৰতিনিধি দলে শনিবাৰে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত পদ্মকান্ত বৰা সোঁৱৰণী বিশেষ জলপানি হিচাপে ২০,০০০ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি এক নিদৰ্শন দাঙি ধৰিছে ৷ আনহাতে সতীৰ্থ-৯৭ ৰ এনে পদক্ষেপক শিৱসাগৰৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"য়ে স্বাগতম জনাইছে ৷