গৌৰৱোজ্জ্বল দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শুক্ৰবাৰে ডিব্ৰুগড় বৰবৰুৱাত এক বিশাল বাইক ৰে'লী বাহিৰ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে দেশজুৰি পালন কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ অধীনত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে উদযাপন কৰিবলগীয়া 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ বাবে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে বৰবৰুৱা বজাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈকে হাতে হাতে জাতীয় পতাকা লৈ বাইক ৰে'লী বাহিৰ কৰে।

কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চি আই এছ এফৰ বিচিপিএল ইউনিটৰ উদ্যোগত ৰূপায়ন কৰা কাৰ্যসূচীত বৰবৰুৱা বজাৰ এলেকাত প্ৰায় ২০০ জন ব্যক্তিৰ মাজত জাতীয় পতাকা বিতৰণ কৰা হয়।

এই কাৰ্যসূচীত চি আই এছ এফৰ নৰ্থ ইষ্টাৰ্ণ চেক্টৰ আই জি এ কে সিং, নৰ্থ ইষ্টাৰ্ণ জ'ন ডি আই জি এছ এছ শৰ্মা, গ্ৰুপ কমাণ্ডেণ্ট হৰেন্দ্ৰ নাৰায়ণ, কমাণ্ডাৰ ডেপুটি কমাণ্ডেণ্ট  টি হাউকিপ আৰু বিচিপিএলৰ মুখ্য প্ৰবন্ধক অৰূপ কুমাৰ টায়ে অংশগ্ৰহণ কৰে।