স্বচ্ছতা দিশত দেশৰ ভিতৰতে সুনাম অৰ্জন কৰিছে ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ে। Clean college, Green college, Green Audited College এই লক্ষৰে মহাবিদ্যালয়খনে বিভিন্ন দিশত কৰ্মসেৱা আগবঢ়াই গৈছে । মহাবিদ্যালয়ৰ শিক্ষক - কৰ্মচাৰী, ছাত্র - ছাত্ৰী, প্ৰাক্তন ছাত্ৰ লগতে বহু শুভাকাংক্ষী অংশগ্ৰহণৰে প্ৰতিষ্ঠা লাভ কৰা গ্ৰীন ক্লাবে লৈছে বিশেষ উদ্যোগ। গ্ৰীন ক্লাবে মহাবিদ্যালয় সমগ্ৰ চৌহদটো চাফ - চিকুনতা বৰ্তাই ৰাখি মহাবিদ্যালয়খনক এক সেউজীয়া পৰিৱেশ গঢ় দিয়াত চেষ্টা অব্যাহত ৰাখিছে। এইক্ষেত্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 শশীকান্ত শইকীয়াৰ কৰ্মদক্ষতা অদ্বিতীয় বুলিয়েই কব পাৰি ।
বতাহ বৰষুণ নেওচি প্ৰতিদিনাই পুৱা ৫ বজাত মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হয় গ্ৰীন ক্লাবৰ সদস্যসকল। No Sunday, No Summer, No Winter, No hot, No Cold, No Corona, Non Stop একেৰাহে গ্ৰীন ক্লাবৰ প্ৰতিজন সদস্যই একাগ্ৰতা আৰু ধৈৰ্য্যৰে স্বচ্ছতা বাবে, সেউজীয়া পৰিৱেশৰ বাবে বৰ্তমান তিনি হাজাৰ দিন অতিক্ৰম কৰিছে।যাৰবাবে মহাবিদ্যালয় সমগ্ৰ পৰিৱেশটোৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে জীপাল কৰি তুলিবলৈ সক্ষম হৈছে। বৰ্তমান মহাবিদ্যালয়ৰ চৌহদত থকাৰ প্ৰাকৃতিক পাৰ্কখন শিশু বাবে মুকলি কৰিছে। সময় আবেলি ৪,৪৫ পৰা ৫,৪৫ লৈ।এককথাত পুথিগত শিক্ষাৰ বাহিৰেও মহাবিদ্যালয়খনে শিক্ষাৰ্থীসকলক পৰিৱেশৰ জ্ঞান দিবলৈও যে প্ৰতিদিনাই যে চেষ্টা চলাই আছে, সেইকথা সকলোৱে স্বীকাৰ কৰিব লাগিব।