ডিব্ৰুগড় জিলাৰ ডিকমৰ পৰা খোৱাং লৈকে সংবাদক্ষেত্ৰত জড়িত সাংবাদিকক লৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ অষ্টাদশ সংখ্যক প্রতিষ্ঠা দিৱসৰ উপলক্ষে ব্যাপক আয়োজন কৰিছে।অহা ১৪ আগষ্টত ডিব্ৰুগড় সাহিত্য সভা লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে পালন কৰিবলগীয়া অষ্টাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসতে ক্লাবৰ পৰা প্ৰৱৰ্তন কৰা প্ৰয়াত শিক্ষাবিদ/সমাজকৰ্মী "অশোক বৰগোহাঞি সোঁৱৰণী সাংবাদিকতা" বঁটা (ছপা আৰু ইলেকট্রনিক) দুজন সাংবাদিকলৈ প্ৰদান কৰা হব বুলি ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে জানিবলৈ দিছে। ইতিমধ্যে তিনিজনীয়া জুৰি কমিটিৰ জৰিয়তে ছপা মাধ্যমৰ বাবে জেষ্ঠ সাংবাদিক তথা কেইবাটাও দশক সাংবাদিকতাৰ সৈতে জড়িত লক্ষীকান্ত মজিন্দাৰ বৰুৱাসহ আৰু এজন যুব সাংবাদিকক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে নগদ ধন,প্ৰশস্তি পত্ৰ,স্মাৰক সহ অন্যান্য বঁটা প্ৰদান কৰা হব।
আনহাতে অনুষ্ঠানতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচার্য ড° জিতেন হাজৰিকাক বিশেষ সম্বৰ্ধনা জনোৱা হব।উল্লেখযোগ্য যে,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে বিভিন্ন সময়ত সংবাদ ক্ষেত্ৰৰ লগতে জড়িত নাথাকি প্ৰতিষ্ঠা কালৰে পৰা তথা বিৰ্গত ১৭ বছৰে বিভিন্ন সামাজিক,সাহিত্য- সাংস্কৃতিক,শৈক্ষিক, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰতো জড়িত হৈ আহিছে।প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কেইবাজনো বিশিষ্ট ব্যক্তি, জাতি-জনগোষ্ঠীয় প্ৰতিনিধি উপস্থিত থকাৰ লগতে বিশিষ্ট নৃত্য শিল্পী ৰুবী গগৈ সন্দিকৈ, বিশিষ্ট লোকবাদ্য শিল্পী জিতেন দাস আৰু বিশিষ্ট অনাতাঁৰ শিল্পী ভুৱন গগৈ পৰিচালনাৰে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা লগতে বিশিষ্ট মেণ্ডলিন বাদক মানৱ গগৈয়ে ও অনুষ্ঠান পৰিবেশন কৰিব।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ বিস্তৃত কাৰ্যসূচীত ডিব্ৰুগড় বাসীৰ উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তুলিবৰ বাবে অনুৰোধ জনাইছে সভাপতি-সম্পাদক সহ বিষয়ববীয়া সকলে।