শিৱসাগৰঃ শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান *“সমন্বয় সাংস্কৃতিক গোষ্ঠী”* ৰ উদ্যোগত, *“সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”* কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু *যুৱ সাংবাদিক সন্থা-অসম, শিৱসাগৰ জিলা সমিতি তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত* শিৱসাগৰ নগৰৰ টেম্প’ল ৰোড, বৰাট জুয়েলাৰীৰ সন্মুখত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ইং ২০ এপ্ৰিল, শনিবাৰে (০৭ বহাগ) এদিনীয়া কাৰ্য্যসূচীৰে *১৯ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ শিৱসাগৰ বহাগী উৎসৱৰ লগত সংগতি ৰাখি সমন্বয়ৰ কণীযুঁজৰ লগতে বিহুনাচ, ঢোলবাদন আৰু বিদ্যালয় ভিত্তিত সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ লগতে জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন, আমন্ত্ৰিত বিশেষ হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন, ইতিহাসৰ পদধ্বনি শীৰ্ষক সংগীতালক্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ উল্লেখযোগ্য যে, একেখন মঞ্চতেই অসমৰ বলিষ্ঠ অভিনেতা, সাংস্কৃতিক সংগঠক প্ৰাঞ্জল শইকীয়াক বিশিষ্ট চিত্ৰ-ভাস্কৰ্য্য শিল্পী ব্ৰজেন কাকতি সোঁৱৰণী “সমন্বয় শিল্পী বঁটা-২০২৪” প্ৰদান কৰা হ’ব ৷ আনহাতে থাকিব বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান ৷ লগতে বহাগী উৎসবস্থলীতে স্মৃতিগ্ৰন্থ "সমন্বয়"(ষষ্ঠ) উন্মোচন কৰা হ’ব ৷ তাৰ পাছতেই সাংস্কৃতিক সন্ধ্যা সমন্বয় এনিশাত আমন্ত্ৰিত শিল্পীৰূপে গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চিন্ময় অনুৰাগে ৷ অসমৰ জনপ্ৰিয় অভিনয় শিল্পী প্ৰীতি কংকনাই আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিবলগীয়া বহাগী উৎসৱত কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকিব ৷ উক্ত বহাগী উৎসৱৰ সমূহ কাৰ্য্যসূচীতে বিহুবলীয়া ৰাইজৰ উপস্থিতি শিৱসাগৰ বহাগী উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি তথা বিধায়ক প্ৰদীপ হাজৰিকা, সম্পাদক সমীৰ দত্তই একান্তই কামনা কৰিছে ৷৷