আজি পহিলা বহাগত ৰহাৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ দ্বাৰা ৰঙালী বিহু উৎসৱ ৰ শুভাৰম্ভ কৰাৰ সমান্তৰালকৈ ৰহা পূব খৰাগাওঁ ৰাজহুৱা মঞ্চত পূব সৰাগাঁও,ববৰাআটি,মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ দ্বাৰা পূবা সভাপতি লক্ষী প্ৰসাদ ডেকাৰ দ্বাৰা বিহুবান উওোলন কৰি শুভাৰম্ভ কৰাৰ লগতে সমিতিৰ ফালৰ পৰা জ্যেষ্ঠ সকলক এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিহুৰ ওলগ জনাই আশীৰ্বাদ গ্ৰহন কৰে।লগতে আমন্ত্ৰিত বিহু দলৰ দ্বাৰা ঢোল বাদনৰ লগতে বিহু গীত নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

    দ্বিতীয় দিন পূবা খেল ধেমালী প্ৰতিযোগিতা ৰ লগতে বিয়লী ৩বজাৰ পৰা আমন্ত্ৰিত দলৰ দ্বাৰা মুকলি বিহু আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

   ৩য় দিন পূবা ৯বজাৰ পৰা চিত্ৰাংকন ৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ লগতে বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতা অনুষ্ঠিত হব।বিহু কুঁৱৰী প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক নগদ ৮০৫৫টকা আৰু মানপত্ৰ আৰু বিহু কন্যা প্ৰতিযোগিতা প্ৰথম বিজয়ী প্ৰতিযোগি ক ৬৫৫১টকা আৰু মানপত্ৰ প্ৰদান কৰি পুৰস্কৃত কৰা হব।