শিৱসাগৰঃ---বহু চৰ্চিত ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰ জিলা প্ৰশাসনে ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) প্ৰকল্পৰ উদ্যোগত শিৱসাগৰ চাইক্লিং সন্থা আৰু ই-ৰিক্সা সন্থাৰ সহযোগত আজি অৰ্থাৎ ৯ এপ্ৰিলত এক ভোটাৰ সজাগতা ৰেলী অনুষ্ঠিত কৰে । শিৱসাগৰ আৱৰ্ত ভৱনৰ সন্মুখৰ পৰা আৰম্ভ হৈ ষ্টেচন চাৰিআলি - কালি প্ৰসাদ মেম'ৰিয়েল চাৰিআলিয়েদি দিখৌমুখ হৈ ঘুৰি আহি শিৱসাগৰ বৰ্ডিং খেলপথাৰত সামৰণি পৰা ৰেলীত ২০ খন ই-ৰিক্সা আৰু ১০ জন চাইকেল আৰোহীয়ে অংশ গ্ৰহণ কৰাৰ লগতে শিৱসাগৰ চক্ৰ বিষয়া চিন্ময়ৰ্স্মিতা চুতীয়া, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় আৰু জিলা পৰ্য্যটন বিষয়া নয়নমণি পাংগিং উপস্থিত থাকে। ভোটাৰ সজাগতাৰ উদ্দেশ্যে অনুষ্ঠিত উক্ত ৰেলীক ফ্লেগ অ'ফ কৰি শুভ উদ্বোধন কৰে শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেই । ৰেলীৰ শেষত অংশগ্ৰহণকাৰী সকলোকে জিলা প্ৰশাসনে এটিকৈ গছপুলি প্ৰদান কৰে ৷