ৰহা পূব সৰাগাঁও,ববৰাআটি,মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি ৰ উদ্যোগত অহা ১৪এপ্ৰিলৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে ৰঙালী বিহু উৎসৱ উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

      উৎসৱ উদযাপন সমিতিৰ সভাপতি লক্ষী প্ৰসাদ ডেকা আৰু সম্পাদক কল্পজ্যোতি হীৰাই জানিব দিয়ে যে পূব সৰাগাঁও ৰাজহুৱা মঞ্চত প্ৰথম দিন ১৪ এপ্ৰিলত সভাপতি লক্ষী প্ৰসাদ ডেকা ৰ দ্বাৰা বিহু পতাকা উওোলন কৰি তিনি দিনীয়া কাৰ্য্যসূচী ৰ শুভাৰম্ভ কৰাৰ লগতে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন কৰাৰ পাছত পূবা ১০বজাত গাঁৱৰ বয়োজ্যেষ্ঠ সকলক প্ৰনাম আৰু আদৰনি।১০.৩০বজাত ক্ৰীড়া উদ্বোধন কৰিব সমাজকৰ্মী কেশব ডেকা।

    দ্বিতীয় দিন ১৫এপ্ৰিলত পূবা ৮বজাত দিনযোৰা কাৰ্য্যসূচীৰে খেল ধেমালি প্ৰতিযোগিতা, বিয়লী ৩বজাত আমন্ত্ৰিত দলৰ দ্বাৰা মুকলি বিহু প্ৰদৰ্শন আৰু বাৰেৰহনীয়া সাংস্কৃতিক প্ৰদৰ্শন।

          ৩ য় দিন ১৬এপ্ৰিলত পূবা ৯বজাত চিত্ৰাংকন প্ৰতিযোগিতা, ১০বজাত শ্ৰতলিপি প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা,কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।দিনৰ ১২বজাত বিচিত্ৰানুষ্ঠান অকনিক মৌ মেল,বিয়লী ২বজাত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হব।সন্ধ্যা ৬বজাত বঁটা বিতৰন আৰু স্থানীয় মহিলা সকলৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন আৰু সন্ধ্যা ৭বজাৰ পৰা সন্মানীয় দাতা আৰু বিচাৰক মণ্ডলীৰ আদৰনি অনুষ্ঠান অনুষ্ঠিত হব।

    ৭.৩০বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু নিশা ৯.৩০বজাৰ পৰা বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতা অনুষ্ঠিত হব।