মঙলবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবাতিনি আলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি দলৰ এখনি নিৰ্বাচণী প্ৰচাৰ সভ- অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ দিয়াৰ আগতে টাই।মুলুঙ সকলৰ আৰ্শীব্বাদ লৈ।নিৰ্বাচণী প্ৰচাৰ চলায়।সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, জিলা বিজেপিৰ উপ সভাপতি ৰ'জ কমল মহন, অগপৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি নাৰায়ণ লাহন, মাহমৰা সমষ্টিৰ সভাপতি পূৰ্ণানন্দ চুতীয়া কে ধৰি বহুসংখ্যক বিষয় ববীয়া আৰু দলীয় কৰ্মকৰ্তা উপস্থিত থাকে