মঙল বাৰে চৰাইদে উ জিলাৰ মৰাণহাটত অৱস্থিত মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ উপস্থিতিত এখনি দলীয় প্ৰচাৰ সভা অনুস্থিত হয়। এই সভাত মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, চৰাইদেউ জিলাৰ বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা,মৰাণ নগৰ মণ্ডল বিজেপিৰ সভাপতি কমল চেতিয়াকে প্ৰমুখ্য কৰি বহু সংখ্যক দলীয় বিষয় ববীয়া উপস্থিত থাকে।