ৰহা হাৰিয়ামুখ স্থিত শ্ৰীশ্ৰী দিহিং সত্ৰত ১৯৭২বৰ্ষৰ পৰা সত্ৰাধিকাৰৰ পদ অলংকৃত কৰি অহা সত্ৰাধিকাৰ প্ৰয়াত বিষ্ণু শোভন চন্দ্ৰ গোস্বামী আতাৰ ২৬সংখ্যক তিৰোভাৱ তিথি ১৫ মাৰ্চৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে পালন কৰি সমান্তৰালকৈ তিথিৰ আজি অন্তিম দিনা ৰহাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৮৮জন ব্যক্তিয়ে সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীৰ উপস্থিতিত শৰনলৈ।
সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামী,যুব সমাজসেৱী,ডুগডুগী স্বতাধিকাৰী উৎপল বনিয়া সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ভক্ত বৈষ্ণৱ উপস্থিত থাকে।
তিনি দিনীয়া তিথিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ভক্ত বৈষ্ণৱে নাম কীৰ্ত্তন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলে।