শিৱসাগৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ North East NSS Festival ত সন্মানিত হৈছে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ ৰিমঝিম বৰা ৷_ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোৱা ১২ মাৰ্চৰ পৰা অহা ১৬ মাৰ্চলৈ পাঁচদিনীয়া বিশেষ কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে North-East NSS Festival-2024 ৷ অষ্টলক্ষ্মী খ্যাত উত্তৰ-পূৰ্ৱাঞ্চলৰ আঠখন ৰাজ্যৰ কেইবাশতাধিক NSS Volunteer এ অংশগ্ৰহণ কৰা এই বৃহৎ অনুষ্ঠানটোত ২০২৩ বৰ্ষৰ বাবে গড়গাঁও মহাবিদ্যালয়ৰ NSS Volunteer আজিজুৰ ৰহমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ Volunteer হিচাপে পুৰস্কৃত হয়। উল্লেখযোগ্য যে, একেটা অনুষ্ঠানতে গড়গাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ ৰিমঝিম বৰাক ৰাষ্ট্ৰীয় Republic day parade ত উত্তৰ-পূৰ্ৱাঞ্চলৰ NSS Contigents leader হিচাপে সফলতাৰে দায়িত্ব পালন কৰাৰ বাবে বিশ্ববিদ্যালয়খনে ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, স্মৃতি স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুষ্ঠান সমন্বয়ক ড০ দেৱিড কাৰদং, NSS ৰ আঞ্চলিক সঞ্চালক, ড০ ৰিমঝিম বৰাৰ স্বামী তথা গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিদ্যানন্দ বৰকাকতী সহ বহু সংখ্যক অধ্যাপক-অধ্যাপিকাই অংশগ্ৰহণ কৰে ৷ লগতে অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ NSS Volunteer সকলে Best out of Waste প্ৰদৰ্শন আৰু বিক্ৰীও কৰে ৷৷