বৰহাটৰ নাহৰপুখুৰী ঐতিহাসিক নাহৰ আলিত নাহৰপুখুৰী-সৰুপথাৰ গাঁৱৰ যুৱক সকলৰ সহযোগত গছপুলি ৰোপণ

বৰহাটৰ নাহৰপুখুৰীৰ ঐতিহাসিক নাহৰ আলিত প্ৰকৃতি প্ৰেমী তথা মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰৱক্তা নবীন গগৈ উদ্যোগত তথা নাহৰপুখুৰী-সৰুপথাৰ গাঁৱৰ ৰাইজৰ সহযোগত বৃক্ষ ৰোপণ সম্পন্ন।বৰহাট আজি প্ৰকৃতি প্ৰেমী তথা মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰৱক্তা নবীন গগৈ নেতৃত্বত তথা নাহৰপুখুৰী-সৰুপথাৰ গাৱঁৰ যুৱক সকলৰ সহযোগত ঐতিহাসিক নাহৰ আলিৰ দুয়োকাষে কৃষ্ণ চূড়া,ৰাধাচূড়া,সোণাৰু পুলি ৰোপন কৰি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য ৰ লগতে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ উদ্দেশ্যে এলানি গছপুলি ৰোপনৰ কাৰ্যসূচী পালন কৰে।