শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম"ৰ সৌজন্যত আৰু যুৱ সাংবাদিক সন্থা-অসম শিৱসাগৰ জিলা সমিতিৰ সহযোগত শিৱসাগৰ দ’লপথ বৰাট জুয়েলাৰ্চৰ সন্মুখত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো "১৯ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ-২০২৪" উদ্‌যাপনৰ অৰ্থে শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ত এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সভাপতি জিতেন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই ৷ সভাই অহা ইং ২০ এপ্ৰিল, ৭ বহাগ শনিবাৰে শিৱসাগৰ বহাগী উৎসৱখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থকা উক্ত সভাতেই সৰ্বসন্মতিক্ৰমে সত্ৰ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াক “১৯ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ”ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷ আনহাতে ৱাৰ্ড আয়ুক্ত সমীৰ দত্তক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হয় ৷ লগতে সভাই বহাগী উৎসৱৰ লগত সংগতি ৰাখি এইবাৰো ষষ্ঠ সংখ্যক স্মৃতিগ্ৰন্থ *“সমন্বয়”* প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উক্ত সভাত অৰ্ধশতাধিক ব্যক্তি উপস্থিত থাকে ৷ ৷