শিৱসাগৰঃ শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম"ৰ সৌজন্যত আৰু "যুৱ সাংবাদিক সন্থা-অসম শিৱসাগৰ জিলা সমিতি"ৰ সহযোগত শিৱসাগৰ দ’লপথ বৰাট জুয়েলাৰ্চৰ সন্মুখত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো "১৯ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ-২০২৪" সূচাৰুৰূপে উদ্‌যাপনৰ সন্দৰ্ভত বিতংকৈ আলোচনাৰ অৰ্থে ২০ ফেব্ৰুৱাৰী, মংগলবাৰে শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ত এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট চিত্ৰ-আলোকচিত্ৰ শিল্পী তথা "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সভাপতি জিতেন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই ৷ সভাই অহা ইং ২০ এপ্ৰিল, ৭ বহাগ শনিবাৰে শিৱসাগৰ বহাগী উৎসৱখনি অনুষ্ঠিত কৰাৰ সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে, সমাজকৰ্মী ক্ৰমে অনঙ্গ মোহন শৰ্মা, দিগন্ত কোঁৱৰ, জ্যোতি দত্ত, হেমন্ত কুমাৰ গগৈ, অনামিকা কলিতা, প্ৰবীণ ভাগৱতী, দীপা কলিতা আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত সভাতেই সত্ৰ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকা দেৱক সৰ্বসন্মতিক্ৰমে “১৯ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ”ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷ পংকজ বৰা আৰু দিগন্ত কোঁৱৰক কাৰ্য্যকৰী সভাপতি, অনঙ্গ মোহন শৰ্মা, হেমন্ত কুমাৰ গগৈ, জ্যোতি দত্ত, অনামিকা কলিতা, ৰাজভূষণ গগৈ, দীপা কলিতা, মানস হাজৰিকাক উপ-সভাপতি, ৱাৰ্ড আয়ুক্ত সমীৰ দত্তক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে প্ৰবীণ ভাগৱতী, ভাস্কৰ সন্দিকৈ, প্ৰবীণ কুমাৰ বৰুৱা, ঋষিক বৰা, বীনা গোস্বামী, জোনমণি নেওগ, পূৰ্ণিমা বৰা, ফাজিয়া নাজনিন খানক সহকাৰী সম্পাদক, অমৃত কুমাৰ শৰ্মাক মুখ্য ব্যৱস্থাপক হিচাপে লৈ এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হয় ৷ আনহাতে সভাই বহাগী উৎসৱৰ লগত সংগতি ৰাখি এইবাৰো ষষ্ঠ সংখ্যক স্মৃতিগ্ৰন্থ “সমন্বয়” প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উক্ত সভাত অৰ্ধশতাধিক ব্যক্তি উপস্থিত থাকে ৷ ৷