বৰহাট ৰে'লৱে ষ্টেচনত অসম ফুটবল দলত নিৰ্বাচিত তিনিজন ফুটবল খেলুৱৈক উষ্ম আদৰণি জনায় ৰাইজে।
উল্লেখ্য যে সদৌ অসম ভিত্তিত গুৱাহাটীত অনুষ্ঠিত হোৱা ১৪বছৰ অনুধ্ব বিশিষ্ট ক্ৰীড়াবিদ পিলিক চৌধুৰী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰহৈ প্ৰতিনিধি কৰা টিংখাং মাহমৰাৰ নিবাসী নিশা দানহৰ পুত্ৰ অৰ্কিত দানহ আৰু বীৰেণ বড়াৰ পুত্ৰ ধ্ৰুৱজ্যোতি বড়া আনহাতে বৰহাট টিয়কীয়া নগা গাঁৱৰ নিবাসী কুমুদ ৱাংনাওৰ পুত্ৰ নকচান ৱাংনাওক অসম ফুটবল দলত নিৰ্বাচিত হৈ আজি গুৱাহাটীৰ পৰা ট্ৰেইনে আহি বৰহাট ৰে'ল ষ্টেচনত নমৰাৰ লগে লগে টিংখাং বৃহত্তৰ মাহমৰা গাঁৱৰ ৰাইজে অসম ফুটবল দললৈ নিৰ্বাচিত হোৱা তিনিজন খেলুৱৈক একোখনকৈ ফুলাম গামোচাৰে বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে ৰাইজে মাহমৰা ঘৰলৈ আগুৱাই লৈ যায়।