দেশৰ স্বাধীতাৰ পূৰ্বেই ব্যৱহাৰ কৰা এখন পতাকা আজিও সযতনে সংৰক্ষণ কৰি থৈছে স্বাধীনতা সংগ্ৰামী, লখিমপুৰ জিলাৰ জাতীয় কংগ্ৰেছৰ এগৰাকী অগ্ৰণী নেতা শিৱ চন্দ্ৰ গোস্বামীৰ পুত্ৰ তথা বাসুদেৱ থান নৰোৱা সত্ৰৰ বৰপূজাৰী মোহন দেৱ গোস্বামীৰ গৃহত ।
প্ৰায় ৮১ বছৰ পুৰণি এই পতাকাখন সংৰক্ষণ কৰি ৰাখিছে মুক্তিযুঁজাৰু ঢকুৱাখনাৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ শিৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালে।
এতিয়াও সংৰক্ষণ কৰি থোৱা আছে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত ব্যৱহাৰ কৰা এখন খদ্দৰ কাপোৰৰ পতাকা।যিখনৰ আৰ্হি আছিল ১৯৩১ চনৰ।
লক্ষ্যনীয় বিষয় এইটোৱেই যে স্বাধীনতা আন্দোলনৰ সেই দিন ধৰি আজি প্ৰযন্ত এই পৰিয়ালটো ৰজাঘৰৰ কোনোধৰণৰ সা-সন্মানৰ পৰা আজিও বঞ্চিত হৈ আছে ।