পিয়ংইয়ং, ১১ আগষ্ট । উত্তৰ কোৰিয়াত কৰোনাক পৰাস্ত। কৰোনাক লৈ সমগ্ৰ বিশ্বতে হোৱা হাহাকাৰময় পৰিস্থিতিৰ মাজত কৰোনাৰ বিৰুদ্ধে বিজয় ঘোষণা কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। তেওঁও কৰোনাত আক্ৰান্ত হৈছিল।
দেশখনত কৰোনাৰ বিৰুদ্ধে বিজয় ঘোষণাৰ লগে লগে কৰোনা সন্দৰ্ভত কঠোৰ নিষেধাজ্ঞাও শিথিল কৰা হৈছে।
প্ৰধানমন্ত্ৰী কিম জং উনে ঘোষণা কৰিছে যে উত্তৰ কোৰিয়াই কৰোনা ভাইৰাছৰ বিৰুদ্ধে জয় লাভ কৰিছে। কিম জঙৰ ভগ্নীয়ে কয় যে তেওঁৰ ভাতৃ অৰ্থাৎ একনায়ক কিম জংও কৰোনাত আক্ৰান্ত হৈছিল। বিধ্বস্ত পৰিস্থিতিৰ বাবে তিনি মাহৰ কঠোৰ নিষেধাজ্ঞাৰ বাবে দেশখনে কৰোনা মহামাৰীৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হৈছে।
যি সময়ত কৰোনা ভাইৰাছৰ সংহাৰ সমগ্ৰ বিশ্বৰ বাবে সংকট কাল হিচাপে প্ৰমাণিত হৈছিল আৰু কোটি কোটি লোকে প্ৰাণ হেৰুৱাইছে সেই সময়ত উত্তৰ কোৰিয়াত কৰোনাৰ এটাও ঘটনা প্ৰতিবেদিত হোৱা নাছিল। শেহতীয়াকৈ, উত্তৰ কোৰিয়াত কৰোনাৰ ঘটনা পোহৰলৈ অহাৰ পিছত কিম জং উনে সমগ্ৰ দেশতে কঠোৰ কৰোনা নিয়ম কাৰ্যকৰী কৰিছিল।
উত্তৰ কোৰিয়াই চলিত বছৰৰ মে' মাহত কৰোনাৰ অমিক্ৰন প্ৰকাৰৰ সংক্ৰমণ বিয়পাৰ কথা স্বীকাৰ কৰিছিল। উত্তৰ কোৰিয়াৰ মুঠ জনসংখ্যা ২৬ নিযুতৰ ভিতৰত ৪.৮ নিযুত লোকে কৰোনাত আক্ৰান্ত হৈছে। এতিয়া কিম জঙে দাবী কৰিছে যে যোৱা কেইসপ্তাহমানৰ পৰা সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে আৰু এই সময়ছোৱাত মাত্ৰ ৭৪ জন লোকৰ মৃত্যু হৈছে।