নগৰবেৰাৰ বিদ্যানগৰ-ৰূপাহাৰাত সংঘটিত হৈছে এক অঘটন। পানীত পৰি এটি শিশুৰ কৰুণ মৃত্যু হোৱাৰ খবৰ আহিছে। 

নগৰবেৰাৰ ৰূপহাৰা গাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনা। 

জানিব পৰা মতে খেলি থকা অৱস্থাত পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটে ডেৰ বছৰীয়া শিশুটিৰ।

মৃত শিশুটি ছাহিন আলম বুলি জানিব পৰা গৈছে।