গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হাতীৰ আক্ৰমণত নিহত হোৱা লোক দুজন ধামৰ বিল গাঁৱৰ নিজাম উদ্দিন (৭০) আৰু গোৱালগুলী গাঁৱৰ ছানী হাজং।

ইফালে এই আক্ৰমণতে আহত হৈছে মনছুৰা বেগম আৰু শাৰজিনা বিবি নামৰ দুগৰাকী মহিলা।

বনৰীয়া হাতীৰ আক্ৰমণত এই পৰ্যন্ত সৰ্বমুঠ ১৯ জন লোকে প্ৰাণ হেৰুৱাইছে জিলাখনত। 

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় হাতীৰ এটা বৃহৎ জাকে ধামৰ বিল আৰু গোৱালগুলী গাঁৱত প্ৰৱেশ কৰি প্ৰায় কুৰিটাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰি সা-সম্পত্তি বিনষ্ট কৰে।