দেশে উলহমালহেৰে উদ্যাপন কৰিলে ৭৫ তম্ গণতন্ত্ৰ দিৱস ৷ দিল্লীৰ গণতন্ত্ৰ দিৱসত এইবাৰ উত্তৰ-পূৰ্ৱাঞ্চলৰ Contingents লীডাৰৰ দায়িত্ব লাভৰ যোগ্যতা অৰ্জন কৰে শিৱসাগৰৰ ড০ ৰিমঝিম বৰাই ৷ ২০২৪ বৰ্ষৰ গণতন্ত্ৰ দিৱস উপলক্ষে ভাৰত চৰকাৰে দেশৰ ৰাজধানী দিল্লীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা এইবাৰৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত উত্তৰ-পূৰ্ৱাঞ্চলৰ ৮ খন ৰাজ্যৰ NSS Contingents Leader হিচাপে প্ৰতিনিধিত্ব কৰে শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাওঁ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰিমঝিম বৰাই ৷ ড০ বৰাৰ তত্বাৱধানত NSS Contigents সকলে দিল্লীৰ কৰ্তব্য পথত গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি শিৱসাগৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ উল্লেখযোগ্য যে মুৰব্বী অধ্যাপিকা ড° ৰিমঝিম বৰাৰ তত্বাৱধানত যোৱা উত্তৰ-পূৰ্ৱাঞ্চলৰ গুৱাহাটী সঞ্চালকালয়ৰ অধীনৰ ৰেজিনা টামাঙে সমগ্ৰ ভাৰতবৰ্ষৰ NSS Contingents সকলৰ কমাণ্ডাৰ (Commander) হিচাপে NSS Contingents ক পেৰেডত নেতৃত্বত প্ৰদান কৰি গণতন্ত্ৰ দিৱসৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ উল্লেখযোগ্য যে, ৭৫ তম্ গণতন্ত্ৰ দিৱসত এইবাৰ প্ৰথমবাৰৰ বাবে “নাৰী শক্তি”ক মূল theme ৰূপে প্ৰদৰ্শন কৰা হয় ৷ আনহাতে দিল্লীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্য্যসূচীত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰিও ১৫,০০০ foreign Delegates উপস্থিত আছিল ৷ পৰৱৰ্তী সময়ত NSS Contingents Leader সহ NSS Contingents সকলক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মু তথা ক্ৰিয়া আৰু যুৱ কল্যাণ মন্ত্ৰী অনুৰাগ ঠাকুৰে নিজ নিজ বাসগৃহত আৰু উপ-ৰাষ্ট্ৰপতিয়ে সংসদ ভৱনলৈ আমন্ত্ৰণ জনাই মতবিনিময় আৰু প্ৰশংসা কৰাৰ লগতে বিশেষ আপ্যায়নো কৰে। গড়গাওঁ কলেজৰ মুৰব্বী অধ্যাপিকা ড০ ৰিমঝিম বৰা হৈছে একেখন কলেজৰে শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিদ্যানন্দ বৰকাকতীৰ পত্নী ৷ আনফালে শিক্ষাবিদগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতি ৷ সংবাদ মাধ্যমৰ যোগেদি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈ আৰু মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাই মুৰব্বী অধ্যাপিকা ড০ ৰিমঝিম বৰাক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেখেতৰ সু-স্বাস্থ্য কামনা কৰিছে ৷৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বিষয়টো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব মৰানত কলে মন্ত্ৰী যোগেন মহনে 
 
                      প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বিষয়টো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব মৰানত কলে মন্ত্ৰী যোগেন মহনে
                  
   दर्दनाक! जयपुर में दर्जनों गायों पर फेंका गया तेजाब, तड़पकर इधर-उधर भागने लगी गायें 
 
                      जयपुर के दौलतपुरा में असामाजिक तत्वों ने दर्जनों गायों पर तेजाब फेंक दिया है. गायों को इलाज के...
                  
   દાહોદના વિશ્રામ ગૃહથી ગાંધી જયંતિની પૂર્વ સંધ્યાએ મશાલ યાત્રાનું આયોજન 2022 | Spark Today News 
 
                      દાહોદના વિશ્રામ ગૃહથી ગાંધી જયંતિની પૂર્વ સંધ્યાએ મશાલ યાત્રાનું આયોજન 2022 | Spark Today News
                  
   ડીસામાં એક હોસ્પિટલમાં દર્દીનું ડોક્ટરની બેદરકારીથી મોત થતાં હંગામો મચાવ્યો 
 
                      ડીસાની ભણસાલી હોસ્પિટલમાં તબિબની બેદરકારીના કારણે દર્દીનુ મોત થયું હોવાના ગંભીર આક્ષેપો સાથે...
                  
   ભાવનગર : ગારિયાધારમાં યોગી આદિત્યનાથજી સંબોધી સભા| MantavyaNews 
 
                      ભાવનગર : ગારિયાધારમાં યોગી આદિત્યનાથજી સંબોધી સભા| MantavyaNews
                  
   
  
  
  
   
   
  