শিৱসাগৰ জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক মুখ্যমন্ত্ৰীৰ নতুন বছৰৰ শুভেচ্ছামূলক উপহাৰ অনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷ গণৰাজ্য দিৱস উপলক্ষে শিৱসাগৰ প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জিলাখনৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলক মুখ্যমন্ত্ৰীৰ নতুন বছৰৰ শুভেচ্ছামূলক উপহাৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ এই অনুষ্ঠানত জিলা আয়ুক্তৰ সৈতে সাংবাদিকসকলৰ জিলাখনৰ বিভিন্ন সমস্যাক লৈ এক বাৰ্তালাপো অনুষ্ঠিত হয় ৷ ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কংকনা শইকীয়াই আঁত ধৰা এই উপহাৰ বিতৰণ অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত সাংবাদিকৰ কৰ্তব্য আৰু দায়িত্ববোধৰ ওপৰত এক তাৎপৰ্য্যপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ জ্যেষ্ঠ সাংবাদিক ড° উৎপল দত্ত, মণিৰুল ইছলাম বৰা, অতনু বৰা, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, মুজাহিদ আলি, ভাস্কৰ বৰগোহাঁই আৰু মুনীন্দ্ৰ শইকীয়াই এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ বিভিন্ন সমস্যাৰ বিষয়ে জিলা আয়ুক্তক দৃষ্টিগোচৰ কৰে ৷ অনুষ্ঠানত ৫০ গৰাকী সাংবাদিকক শুভেচ্ছমূলক উপহাৰ প্ৰদান কৰা হয় ৷